এটা তিনিমহলীয়া অট্টালিকা খহি সমাধিস্থ হয় শিশুসহ কেইবাজনো লোক

A three-storey building collapsed and buried several people, including children

দিল্লীক সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ক্ষনিকতে খহি পৰিল এটা সুউচ্চ অট্টালিকা।


উত্তৰ দিল্লীৰ চবজি মাণ্ডি অঞ্চলত এটা তিনিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত শিশুসহ কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে।

দুৰ্ঘটনাটোৰ পাছতে ততাতয়াকৈ ঘটনাস্থলীলৈ পাঁচখন অগ্নি নিৰ্বাপক বাহন প্ৰেৰণ কৰা হয় যদিও এতিয়াও চলি আছে উদ্ধাৰ অভিযান।

এতিয়ালৈকে এজন বৃদ্ধ লোকক ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও ভৱনটোত থকা ৪, ৫জন লোক এতিয়াও ধ্বংসাবশেষৰ তলত সমাধিস্থ হৈ আছে বুলি সন্দেহ কৰা হৈছে।


অট্টালিকাটো বাগৰি পৰোতে কাষেৰে পাৰ হৈ যোৱা দুটা শিশুও ধ্বংসাবশেষৰ তলত সমাধিস্থ হয়। লগতে বাগৰি পৰা অট্টালিকাটোত এখন গাড়ীয়েও খুন্দা মাৰে।


পুৱা প্ৰায় ১১.৫০ মান বজাত চাবজি মাণ্ডি অঞ্চলত অট্টালিকাটো খহি পৰিছিল বুলি জানিব পৰা গৈছে।
ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীসকলে কয় যে, অট্টালিকাটো বাগৰি পৰোতে ওচৰৰ কেইবাটাও ঘৰ কঁপি উঠে আৰু অঞ্চলটোৰ বিদ্যুত সংযোগ ব্যাহত হৈ পৰে।

Category
Profile picture for user UB Photos