টুইটা, ফেচবুক নিষিদ্ধ কৰাৰ আহ্বান আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ

 টুইটা, ফেচবুক নিষিদ্ধ কৰাৰ আহ্বান আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ

#news_time_assam #Trump #Countries #Ban #Twitter #Facebook 

টুইটাৰফেচবুকক লৈ এইবাৰ সৰৱ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প।

উল্লেখ্য যে, কিছুদিনৰ পুৰ্বে নাইজেৰিয়াই টুইটাৰ নিষিদ্ধ কৰিছিল। তাৰ পিছতে আমেৰিকাৰ লগতে বিশ্বৰ আন দেশেও টুইটাৰ আৰু ফেচবুকক নিষিদ্ধ কৰা উচিত বুলি প্ৰকাশ কৰিছে।

  মঙলবাৰে এক বিবৃতি যোগে ডনাল ট্ৰাম্পে দেশসমূহক টুইটাৰ আৰু ফেচবুক বন্ধ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, বিশ্বৰ আন দেশসমূহেও নাইজেৰিয়াক অনুসৰণ কৰি টুইটাৰ আৰু ফেচবুকক নিষিদ্ধ কৰিব লাগে।

  উল্লেখ্য, এসময়ত ফেচবুক আৰু টুইটাৰে ট্ৰাম্পক পোষ্ট দিয়াৰ পৰা স্থায়ীভাৱে নিষিদ্ধ কৰিছে। সেয়েহে এতিয়া খঙত জ্বলি আছে ট্ৰাম্প।

 

Category
Profile picture for user UB Photos