অনাথ শিশুৰ শিক্ষা, লালন–পালনৰ সকলো দায়িত্ব লব দিল্লী চৰকাৰে

অনাথ শিশুৰ শিক্ষা, লালন–পালনৰ সকলো দায়িত্ব লব দিল্লী চৰকাৰে

news_time_assam #ub24x7 #INDIA #DELHI #COVID #AAP Kejriwal for relaying #virtualmeet

ভিড-১৯ মহামাৰীয়ে জুৰুলা কৰিছে সমগ্ৰ দিল্লীক। কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক ভার্চুৱেল সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্রী কেজৰিৱালে। তেওঁ কয় যে, যিবোৰ পৰিয়ালৰ উপার্জনকাৰী লোকৰ মৃত্যু হৈছে,  সেই পৰিয়ালবোৰলৈ বিত্তীয় সাহায্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে৷ লগতে মহামাৰীয়ে অনাথ কৰা শিশুসকলৰ শিক্ষা আৰু লালনপালনৰ সকলো দায়িত্বও দিল্লী চৰকাৰে গ্রহণ কৰিব বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী কেজৰিৱালে৷

  কেজৰিৱালে কয় যে, কেন্দ্রীয়শাসিত ৰাজ্যখনৰ শেহতীয়াকৈ কভিড১৯ৰ সংক্রমণ যথেষ্ট হ্রাস পাইছে৷ কিন্তু কভিড যুদ্ধৰ সামৰণি পৰা নাই৷ লক্ষণীয়ভাৱে বিগত ১০ দিনত দিল্লীৰ হাস্পতালত কৰনা ৰোগীৰ বাবে তিনি হাজাৰ বিছনা অতিৰিক্তভাৱে সাজু কৰি তোলা বুলিও উল্লেখ কৰে কেজৰিৱালে৷ কালি ৰাজ্যখনত ১০,৪৮৯গৰাকী লোক নতুনকৈ কভিডত আক্রান্ত হোৱাৰ উপৰি ৩০৮গৰাকী কভিড ৰোগীৰ মৃত্যু হৈছিল৷ তথাপি পূর্বৰ তুলনাত দিল্লীত কৰনাৰ সংহাৰ যথেষ্ট হ্রাস পাইছে।

 

Category
Profile picture for user UB Photos