ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ নগাঁওত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

jj

# ub24x7#news_time_assam
#helth minister_visit_nagaon

 নগাঁও জিলাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল"বলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আজি  নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হয়।উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খন পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হয়।ইয়াৰ পিছতে উপায়ুক্ত কাৰ্য্যালয়লৈ আহি বিধায়ক জিতু গোস্বামী , ৰূপক শৰ্মা,জিলা উপায়ুক্তকে ধৰি উচ্চস্তৰীয় বিষয়া সকলৰ লগত আলোচনাত মিলিত হৈ কভিড পৰিস্থিতিৰ বুজ লয়।সাংবাদিকৰ আগত ৰাইজৰ জ্ঞাতাৰ্থে জনাই যে চিকিৎসালয় খনত আগৰ যি ২০ খন আই চি ইউ বেড আছিল তাত আকৌ নতুনকৈ ৪০ খন আই চি ইউ বেড ৰ কাম আৰম্ভ কৰিছে আৰু অক্সিজেনৰ যাতে নাটনি নহয় তাৰ বাবে এটা অক্সিজেন প্লান্ত ৰ কামো হাতত লৈছে।এই গোটেই প্ৰক্ৰিয়াটো অহা ১০ দিনৰ ভিতৰত সম্পূৰ্ণ হব বুলি আশ্বাস দিয়ে।লগতে চাহ শ্ৰমিক সকলৰ ক্ষেত্ৰত হোম আইচোলেচনৰ ব্যৱস্থা নকৰে। তেখেত সকলক পোনে পোনে কভিড কেয়াৰ চেণ্টাৰলৈ অনাৰ ব্যৱস্থা কৰা কথাও সাংবাদিকৰ আগত ব্যক্ত কৰে।

Category
Profile picture for user UB Photos