যোৰহাটত কভিড সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মন্ত্ৰী অতুল বৰা

jj

যোৰহাটত কভিড সন্দৰ্ভত পৰ্যালোচনা বৈঠক।বৈঠকত অংশ গ্ৰহণ যোৰহাট ,গোলাঘাট জিলা দায়িত্ব প্ৰাপ্ত মন্ত্ৰী অতুল বৰা।

উক্ত বৈঠকত জিলা ৰ পাচটা সমষ্টিৰ বিধায়ক,জিলা প্ৰশাসন  আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত থাকে।এই বৈঠকত জিলাখনৰ কভিড সম্পকীয় আৰু হোম আইচলেচন আৰু কন্টেইনমেণ্ট জ'ন আৰু কি দৰে প্ৰশাসনে এই পৰিস্থিতি মোকামিলা কৰিব পাৰি সেই বিষয়ে এই বৈঠকত আলোচনা কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত কয় মন্ত্ৰী অতুল বৰাই।যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত হয় গুৰুত্বপূৰ্ণ আলোচনা। যোৰহাট জিলাৰ গ্ৰাম্যাঞ্চল আৰু চাহ বাগিচালৈ কভিড সংক্ৰমণ লৈ উদ্বিগ্ন মন্ত্ৰী অতুল বৰা।অৱশ্যে স্বাস্থ্য কৰ্মীৰ অভাবৰ বাবে অসুবিধা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকী য়ে ৰেলত অহা লোকক টেষ্ট কৰোৱাতো প্ৰয়োজনীয়, লগতে যাতে ষ্টেচনৰ পৰা কোনো কভিড পজিটিভ লোক পলাই যাব নোৱাৰে সেই বিষয়ে কঠোৰ হ'বৰ বাবে পুলিচ প্ৰশাসনক নিৰ্দেশ দিয়ে।চৰকাৰী SOP কঠোৰ ভাবে পালন কৰিবৰ বাবে আহ্বান অতুল বৰাৰ।

মৃত্যু হাৰ বৃদ্ধি হোৱাৰ বিষয়ে মন্ত্রী জনে কয় যে জ্বৰ কাঁহ আদি লক্ষ্যনে দেখা দিলে বহু লোকে নজনায় অথবা কোনো ধৰণৰ টেষ্ট নকৰায়, যাৰ ফলত অক্সিজেনৰ অভাব হৈ মৃত্যুক সাৱতি ল'ব লগা হয়, সেয়েহে সকলো ৰাইজকে অকণমান জ্বৰ কাঁহ বা কভিডৰ লক্ষ্যণ দেখা দিলে অনতি পলমেই টেষ্ট কৰিবৰ বাবে আহ্বান জনায়।

বৈঠকত উপস্থিত থকা  মৰিয়নি সমষ্টিৰ কংগ্ৰেছ ৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও কভিড মহামাৰীৰ সমস্যাৰ ওপৰত আলোচনা কৰা কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় সংবাদ মাধ্যমৰ আগত।

Category
Profile picture for user UB Photos