গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় ভ্ৰমণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

jj

# ub24x7#news_time_assam

# dibgugarh-tinsukua

মুখ্যমন্ত্ৰী কাৰ্যভাৰ লোৱাৰ পিছত পোন প্ৰথমবাৰৰ  বাবে গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় ভ্ৰমণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ।এফালে কৰ'ণাৰ কালৰূপী সংহাৰী ৰূপ আনফালে তিনিচুকীয়া জিলাত সঘনাই হোৱা গ্ৰেনেট বিস্ফোৰণ, সকলো ফালৰ পৰাই জনসাধাৰণ আতংকিত হৈছে। শনিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিচুকীয়া লৈ আহে  কোভিড 19 সম্পৰ্কে বুজ লবলৈ আৰু সমান্তৰালকৈ ডিগবৈৰ টিংৰাই  সংঘটিত দুৰ্ভাগ্যজনক  ঘটনাও বুজ লয় ।ডিগবৈৰ পৰা  তিনিচুকীয়া অসামৰিক চিকিৎসালৈ  যায় তাত স্বাস্থ্য বিভাগৰ সৈতে ক'ভিড সম্পৰ্কে  পৰ্যালোচনা কৰে উপায়ুক্ত সহ উচ্চপদস্থ বিষয়াবৰ্গৰে ৷ প্ৰায় 10 দিনেই  অপৰিবৰ্তনীয় হৈ আছে ক'ভিড ৰোগীৰ সংখ্যা।চিকিৎসালয়ৰ পৰা পোনে পোনে তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয় অভিমুখে ৰাওনা হয়। উপায়ুক্ত কাৰ্যলয়ত উপস্থিত হৈ উপায়ুক্ত সহ বিষয়াৰে এক বৈঠকত মিলিত হয়৷ । মুখ্যমন্ত্ৰীক সংগ  দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ  তেলী , কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ আৰু  তিনিচুকীয়া জিলাৰ বিধায়ক সকল ।উল্লেখযোগ্য যে, সভাৰ অন্তত মুখ্য মন্ত্ৰী গৰাকীয়ে সাংবাদিক সকলক ক'ভিড সম্পৰ্কীয়  কিছু গুৰুত্বপূৰ্ণ  মন্তব্য দাঙি ধৰে ৷

Category
Profile picture for user UB Photos