প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰে উচ্চস্তৰীয় ভাৰ্চুৱেল বৈঠক

jj

# ub24x7#news_time_assam
#pm_high_level_meeting_

দেশৰ ক'ভিড পৰিবেশৰ সাম্প্ৰতিক পৰিস্থিতি বুজ ল’বলৈ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ পদস্থ বিষয়াবৰ্গৰে এক উচ্চস্তৰীয় ভাৰ্চুৱেল বৈঠকত মিলিত হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশতে অব্যাহত থকা ক’ৰণা টিকাকৰণৰ  অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ অনুস্হিত কৰে এই গুৰুত্বপূৰ্ণ বৈঠক ।উল্লেখ্য যে, বুধবাৰেও প্ৰধানমন্ত্ৰী গৰাকীয়ে অক্সিজেন, ঔষধৰ যোগান খৰটকীয়া কৰিবলৈও অনুস্হিত কৰিছিল আন এখন বৈঠক অনুষ্ঠিত।বৈঠকত উপস্থিত থাকি
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে  দেশৰ চৰকাৰী হাস্পতালসমূহত বিনামূলীয়া টিকাকৰণ অব্যাহত আছে,এনে ক্ষেত্ৰত নাগৰিক সকলৰ ভেকচিন প্ৰদানত নাম আহিলই ভেকচিন ল'বলৈ সকলো আগবাঢ়ি আহক৷ 

‍তেওঁ লগতে  আৰু কয়, ‘এটা শতকৰ  পিছত অহা এই মাৰাত্মক মহামাৰীয়ে  পৃথিৱীবাসীৰ পৰীক্ষা কৰি আছে। আমাৰ সন্মুখত এক অদৃশ্য শত্ৰুৱে ক্ৰীড়া কৰি আছে’। এনে সন্ধিক্ষণত সকলোৱে সাহসেৰে যুঁজিব লাগিব৷ আনহাতে,কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, শুকুৰবাৰলৈকে মুঠ ১৮,০৪,২৯,২৬১ টা টিকাকৰণৰ ড'জ দিয়া হৈছে। শেহতীয়াকে দেশত আক্ৰান্ত ৰোগী চাৰিদিন ধৰি চিকিৎসাধীন হৈ আৰোগ্য লাভ কৰাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে৷একেদৰে আৰোগ্যৰ ৰোগীৰ সংখ্যা দুই কোটি অতিক্ৰম কৰিছে৷ শুক্ৰবাৰৰ নিশালৈকে ২৪ঘন্টাত দেশত আক্ৰান্ত সংখ্যা ৩,২৬,০১৪ ৷

Category
Profile picture for user UB Photos