পশ্চিমবংগত ১৬ মে’ৰ পৰা ৩০ মে’ লৈ পষেকযোৰা লকডাউন

jj

# ub24x7#news_time_assam
# west bengal_lockdown

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কৰ'ণা সংক্ৰমণৰ দ্বিতীয় লহৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰৰ পৰা ১৬ মে’ ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩০ মে’ লৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। ১৫ দিনৰ বাবে বলবৎ হ'ব এই লকডাউন । ৰাজ্যখনৰ মুখ্যসচিব অলপন বন্দোপাধ্যায়ে এই নিৰ্দেশনাৰ বিষয়ে সদৰি কৰে সংবাদ মাধ্যমত। লকডাউনৰ সময় চোৱাত কেৱল অত্যাৱশ্যকীয়  সামগ্ৰীৰ সেৱাহে উপলব্ধ হব। ইয়াৰ বাহিৰে সকলো ব বিদ্যালয়-মহাবিদ্যালয়,বেচৰকাৰী কাৰ্যালয় আদি বন্ধ থাকিব। আনহাতে অত্যাৱশ্যকীয় প্ৰয়োজনীয় সামগ্ৰীৰ সেৱা সমুহৰ ভিতৰত দোকান-পোহাৰ সমুহ পুৱা ৭ বজাৰ পৰা ১০ বজালৈ খোলা থাকিব। এই সময়চোৱাত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সকলো লোকৰে অবাধ বিচৰণ আৰু যান- বাহনৰ চলাচল বন্ধ থাকিব।

Category
Profile picture for user UB Photos