দেশত কৰ’না ৰোগীৰ সংখ্যা এতিয়া প্ৰায় ৪ লাখ

দেশত কৰ’না ৰোগীৰ সংখ্যা এতিয়া প্ৰায় ৪ লাখ

#news_time_assam #ub24x7 #INDIA #Covid

 দেশত কৰ’নাৰ ঘটনা প্ৰতিদিনেবৃদ্ধি পাইছে। বুধবাৰে ৩ লাখ ৮০ হাজাৰতকৈও অধিক নতুনকৈ আক্ৰান্ত হৈছে কৰ’নাত। আনহাতে ৩,৭০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।

   তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশখনত ধৰা পৰিছে ৩,৮২,৩১৫ টা নতুন ক'ভিড সংক্ৰমনৰ ঘটনা, আনহাতে মৃত্যু হৈছে ৩৭৮০ জনৰ।

   স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়া ৩৪,৮৭,২২৯ লৈ বৃদ্ধি পাইছে। এতিয়ালৈকে মুঠ সুস্থ হোৱা ৰোগীৰ সংখ্যা ১,৬৯,৫১,৭৩১জন হোৱাৰ বিপৰীতে দেশত মৃত্যুৰ সংখ্যা ২,২৬,১৮৮ লৈ বৃদ্ধি পাইছে।

Category
Profile picture for user UB Photos