খিলঞ্জীয়া যুৱকৰ "অসমীয়া চেলুন"

 খিলঞ্জীয়া যুৱকৰ "অসমীয়া চেলুন"

#news_time_assam
#ub24x7 #INDIA #ASSAM #Covid  

তেজপুৰত উচ্চ শিক্ষিত খিলঞ্জীয়া যুৱকৰ "অসমীয়া চেলুন" নামৰ চেলুন এখনে দেখুৱাইছে বিশেষ দৃষ্টান্ত।

     অকল অসমীয়া যুৱকৰ চেলুন বাবেই দৃষ্টান্ত নহয়। অত্যাধুনিক ছেলুনখনৰ বাহিৰৰ পৰা ভিতৰলৈ সকলোতে মাথোঁ অসমীয়া পৰিৱেশ, চাৰিওফালে অসমীয়া জাতীয় জীৱনৰ প্ৰাত:স্মৰণীয় পুৰোধাৰ ফটো। অকল ফটোৱেই নহয় তেজপুৰৰ অসমীয়া উচ্চ শিক্ষিত যুৱকৰ বিশেষ চেলুনখনত আকৌ সংপৃক্ত হৈ আছে এটা পুথিভঁৰাল। সকলো অসমীয়া মূল্যৱান গ্ৰন্থৰ সোৱাদ লৈ চুলি কাটিব পাৰিব এইখন চেলুনত! তেজপুৰ চহৰৰ পৰোৱা চাৰিআলিৰ সমীপৰ অৰ্থাৎ গহন উদ্যানৰ সন্মুখত উচ্চ শিক্ষিত খিলঞ্জীয়া যুৱকৰ কৰ্ম সংস্কৃতিৰ প্ৰোজ্জ্বল নিদৰ্শন।

    মন জুৰুৱা পৰিৱেশত এইগৰাকী উচ্চ শিক্ষিত ধেমাজিৰ ধৰ্মেন্দ্ৰ চুতীয়াই হাতত কেছি লৈ দ্বিধাহীন ভাৱে এজনৰ পিছত আনজনকৈ কাটি গৈছে চুলি।

   স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত হোটেল মেনেজমেন্টকে ধৰি কাৰীকৰি দিশত বহু কেইটা ডিগ্ৰী লোৱা ধৰ্মেন্দ্ৰ বহি:ৰাজ্যত কৰ্মৰত হৈ আছিল যদিও কৰ'নাৰ বাবে সেই কৰ্ম বাদ দিব লগীয়া হয়। তাৰ পাছত "অসমীয়া চেলুন" ত কৰ্মৰত হয় যুৱকজনে।

Category
Profile picture for user UB Photos