টুইটাৰৰ কোপদৃষ্টিত কংগনা ৰানাৱট

টুইটাৰৰ কোপদৃষ্টিত কংগনা ৰানাৱট

#news_time_assam
#ub24x #INDIA #kangana ranaut

টুইটাৰৰ কোপদৃষ্টিত কংগনা ৰানাৱট।

   ধাৰবাহিকভাৱে বিতৰ্কিত টুইটেৰে চৰ্চিত হোৱা বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ অফিচিয়েল টুইটাৰ একাউণ্টটো টুইটাৰ কৰ্তৃপক্ষই চিৰদিনৰ বাবে বন্ধ কৰি দিছে।   টুইটাৰৰ নিয়মবিধিসমূহ ধাৰাবাহিকভাৱে ভংগ কৰি অহাৰ বাবেই কংগনাৰ ওপৰত লোৱা হৈছে এই ব্যৱস্থা ।

   এই সম্পৰ্কত টুইটাৰৰ এগৰাকী মুখপাত্ৰই নিশ্চিত কৰিছে যে টুইটাৰৰ সকলো ব্যৱহাৰকাৰীৰ বাবে একেধৰণৰ নিয়ম তেওঁলোকে পালন কৰি আহিছে।

   উল্লখযোগ্য় যে, শেহতীয়া এটা টুইটযোগে কংগনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাইছিল যাতে ২০০০ দশকৰ প্ৰথমভাগৰ বিৰাট ৰূপধাৰণ কৰি মোডীয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক শান্তকৰে। ইয়াৰ পাছতে সামাজিক মাধ্যমত কংগনা সমালোচিত হয় অভিনেত্ৰীগৰাকী।

   নিৰ্বাচনৰ ফলাফলৰ পাছত বংগত দেখা দিয়া ৰাজনৈতিক হিংসাক সমালোচনা কৰি কংগনাই আনকি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰো দাবী জনাইছে।

    টুইটাৰে এই ব্যৱস্থা লোৱাৰ পাছতে কংগনাই ইনষ্টাগ্ৰামযোগে এটা ভিডিঅষ্ট কৰি নিজৰ ক্ষোভ ব্যক্ত কৰিছে।

 

Category
Profile picture for user UB Photos