IPL জুৱাত সৰ্বস্বান্ত হৈছে বহু লোক

IPL জুৱাত সৰ্বস্বান্ত হৈছে বহু লোক

#news_time_assam
#ub24x #COVID #INDIA #IPL #ASSAM

নগাঁৱত IPLৰ জুৱা৷

   অতি গোপনে চলা এই IPL জুৱাত সৰ্বস্বান্ত হৈছে বহু লোক৷ কিন্তু শেহতীয়াকৈ  IPL লৈ হোৱা এই জুৱাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে নগাঁও আৰক্ষীয়ে৷

      ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে IPL জুৱাৰ লগত জড়িত নগাঁৱৰ মাষ্টাৰমাইণ্ড ললিত ডাগাৰৰ লগতে হাচান মোবাৰক নামৰ আন এজন যুৱকক৷

   ধৃত ললিত ডাগাৰৰ ঘৰ মহাৰাষ্ট্ৰত৷ ঢাকাইপট্টিৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানত কৰ্মৰত বহি:ৰাজ্যৰ ললিত ডাগাৰে অনলাইন যোগে চলাইছিল এই IPL জুৱা৷

  নগাঁও উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসৰ নেতৃত্বত এটা দলে অভিযান চলাই IPL জুৱা চলোৱা চক্ৰটোক উৎখাত কৰাৰ লগতে নগদ ৯ লাখ ৩২ হাজাৰ ৬০০ টকা, ৪ টা ম'ৱাইল, এখন হিচাবৰ বহী আৰু এখন নম্বৰপ্লেটবিহীন মটৰ চাইকেল জব্দ কৰে৷

  মহাৰাষ্ট্ৰৰ ললিত ডাগাৰে গোপনে চলোৱা এই অনলাইন IPL জুৱাত ধন লগাইছিল নগাঁৱৰ বহু যুৱকে৷ IPL জুৱাৰ নগাঁৱৰ মাষ্টাৰমাইণ্ড ললিতক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰু অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত৷

Category
Profile picture for user UB Photos