কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে বাতিল IPL

কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে বাতিল IPL

#news_time_assam
#ub24x #COVID #INDIA #IPL

কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ ক্ৰিকেটাৰ বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱাৰিয়াৰ সোমবাৰে কভিড পজিটিভৰূপে চিনাক্ত হোৱাৰ পিচতেই পিছুৱাই দিয়া হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে থকা তেওঁলোকৰ খেল। ইপিনে KKR শিবিৰত কৰনাৰ সংক্ৰমণ খবৰ লাভৰ কিছু সময় পিছতেই চেন্নাই চুপাৰ কিংছৰ বলিং প্ৰশিক্ষক লক্ষ্মীপতি বালাজী আৰু এজন বাছ চাফাই কৰ্মীও কৰনাৰ আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰিছে।

  এই খবৰৰ পিছতেই শেহতীয়াকৈ BCCI এ দিল্লী কেপিটেলছৰ খেলুৱৈ আৰু সমৰ্থনকাৰীসকলক পৰৱৰ্তী জাননী লাভ নকৰা পৰ্যন্ত নিজকে কোৱাৰেন্টিন কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। যিহেতু KKR এ ২৯ এপ্ৰিলত দিল্লীৰ বিৰুদ্ধে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অন্তিমখন খেল খেলিছিল, তেনেস্থলত KKRৰ বৰুণ আৰু সন্দীপ কভিডত আক্ৰান্ত হোৱাৰ পিছতেই বিচিচিআই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

 

 

Category
Profile picture for user UB Photos