বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ

বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ

#news_time_assam
#ub24x7 #ASSAM #DRUGS

বটদ্ৰৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।  বটদ্ৰৱাৰ ভেৰভেৰিৰ পৰা আটক কৰে দুই ড্ৰাগচ সৰবৰাহকাৰীক।

   আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে আইনুল হক আৰু ৰচিদুল হকক। লগতে জব্দ কৰে ৫৪.৮১ গ্ৰাম হিৰোইন সহ 72 টা নিচাজাতীয় টেবলেট, মবাইল হেনছেত আৰু নগদ ধন।

  দীৰ্ঘ দিন ধৰি এই দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগছৰ মুকলি বেহা চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। অৱশেষত নগাঁও জিলা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এই দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক।

Category
Profile picture for user UB Photos