চৰকাৰে অট’-ৰিক্সা আৰু টেক্সি চালকক দিব ৫০০০ টকাৰ সাহায্য

চৰকাৰে অট’-ৰিক্সা আৰু টেক্সি চালকক দিব ৫০০০ টকাৰ সাহায্য

#news_time_assam
#ub24x7 #INDIA #DELHI #COVID #Delhi #CM #Kejriwal #Relief for #Auto #Taxi #Driver #Ration #Cardholder

দিল্লী চৰকাৰে অট-ৰিক্সা আৰু টেক্সি চালকসকলক কভিড-১৯ৰ সংকটৰ পৰা ৰক্ষা কৰাত সহায় কৰিবলৈ ৫,০০০ টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

  মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, "দিল্লীৰ সকলো অটৰিক্সা চালক আৰু টেক্সি চালকক দিল্লী চৰকাৰে ৫০০০ টকাকৈ দিব যাতে তেওঁলোকে এই বিত্তীয় সংকটৰ সময়ত অলপ সহায় লাভ কৰে"।

  লগতে, মুখ্যমন্ত্ৰীয়ে দিল্লীৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীক দুমাহৰ বাবে ঘোষণা কৰিছে বিনামূলীয়া ৰেচন। কেজৰিৱালে কয় যে, "দিল্লী চৰকাৰে ৭২ লাখ ৰেচন কাৰ্ডধাৰীক দুমাহৰ বাবে দিব বিনামূলীয়া ৰেচন"।

   মুখ্যমন্ত্ৰীগৰাকীয়ে এইবুলিও আস্বাস দিয়ে যে, এই সিদ্ধান্তসমুহৰ অৰ্থ এইটো নহয় যে, ৰাজধানীত দিয়া লকডাউন দুমাহ পৰ্যন্ত চলিব। তেওঁ আশা কৰে যে, দিল্লীৰ পৰিস্থিতি উন্নত হ'ব আৰু লকডাউনৰ প্ৰয়োজন শীঘ্ৰেই নোহোৱা হ'ব।

   উল্লেখ্য যে, ভিড-১৯ৰ প্ৰথম ঢৌৰ সময়ত, দিল্লী চৰকাৰে ১.৫৬ লাখ অটআৰু টেক্সি চালকক একে ধৰণৰ বিত্তীয় সাহায্য প্ৰদান কৰিছিল। একেদৰে প্ৰায় ৪৪,০০০ শ্ৰমিকক ১০,০০০ টকাকৈ প্ৰদান কৰিছিল।

 

Category
Profile picture for user UB Photos