উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত

#news_time_assam
#ub24x7 #INDIA #ASSAM 

ৰাজ্যত কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অহা ১১মেৰ পৰা অনুষ্ঠিত হবলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰখা হৈছে।

  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জানিবলৈ দিছে এই কথা।

  সমগ্ৰ ৰাজ্যজুৰি কভিডে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

 তদুপৰি ৰাজ্যখনত দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা বহু শিক্ষার্থীয়ে অনলাইন পৰীক্ষা দিয়াটো সম্ভৱ নোহোৱাৰ বাবে, অনলাইন পৰীক্ষাৰ কথাও চিন্তা কৰা হোৱা নাই।

  কভিড সংক্ৰমণ ৰোধ হোৱাৰ পাছতহে অনুষ্ঠিত কৰা হব পৰীক্ষা।

ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সুৰক্ষা তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী জাননী নিদিয়ালৈ এই পৰীক্ষা স্থগিত ৰখা হৈছে।

Category
Profile picture for user UB Photos