ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰ ভাৱে আহত বহু যাত্ৰী

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰ ভাৱে আহত বহু যাত্ৰী

#news_time_assam
#ub24x7 #INDIA #ASSAM #ACCIDENT

ডিগবৈ গোলাইত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত নৈশবাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ ভাৱে আহত বহু যাত্ৰী ৷

     তিনিচুকীয়া জিলাৰ ডিগব গোলাইত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱাতে এক ভয়ংকৰ পথ দূৰ্ঘটনা সংগঠিত হয়৷ ডিগবৈ ২ নং গোলাইৰ ট্ৰামিনেলৰ কাষত গুৱাহাটীৰ পৰা  জাগুন অভিমুখে আহি থকা AS01-GC 0277 নম্বৰৰ নৈশবাছ আৰু মাৰ্ঘেৰিটা দিশৰ পৰা ডিগবৈৰ অভিমুখে শিল কঢ়িয়াই আহি থকা AS23 AC-8721  নম্বৰৰ ডাম্পাৰ গাড়ী দুয়োখনে মুখামুখিকৈ দূৰ্ঘটনাত পতিত হয়৷ সংঘৰ্ষৰ ফলত নৈশবাছ আৰু ডাম্পাৰৰ দুয়োজন চালক গুৰুত্বভাৱে আহত হোৱাৰ লগতে নৈশবাচৰ বহু যাত্ৰী গাড়ীখনতে আৱদ্ধ হৈ পৰে আৰু গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

   দূৰ্ঘটনাটো ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াত সংঘতিত হোৱা বাবে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ  যান- যতৰ সৃষ্টি হোৱাৰ লগতে ঘাইপথৰ দুয়োকাষে বহু যাত্ৰীবাহী গাড়ী আবদ্ধ হৈ পৰে ৷

Category
Profile picture for user UB Photos