বিবাহ বিচ্ছেদ হ’ল বিশ্বৰ অন্যতম ধন কুৱেৰৰ

বিবাহ বিচ্ছেদ হ’ল বিশ্বৰ অন্যতম ধন কুৱেৰৰ

#news_time_assam
#ub24x7 #BillGates #MelindaGates #Gates #Divorce 

মাইক্ৰছফট কৰ্পোৰেশ্যনৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ আৰু পত্নী মেলিণ্ডা গেটছৰ হল বিবাহ বিচ্ছেদ। সুদীৰ্ঘ ২৭ বছৰ কাল একেলগে থকাৰ পাছত বিচ্ছেদৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে বিশ্বৰ বহুচৰ্চিত এই দম্পতিয়ে।

   সোমবাৰে নিশা দুয়োজনে নিজৰ নিজৰ টুইটাৰ পেজত দিয়া সুকীয়া পষ্টত এইকথা নিশ্চিত কৰে দম্পতিহালে। তেওঁলোকে টুইটা যোগে কয় যে, তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত বহু চিন্তা-ভাৱনা তথা নিৰীক্ষণৰ পাছত তেওঁলোকে নিজৰ সংসাৰ ইমানতেই সামৰাৰ সিদ্ধান্ত লৈছে। দম্পতি হিচাপে একেলগে থাকিব পাৰিব বুলি তেওঁলোকে আৰু বিশ্বাস কৰা নাই।

   ১৯৮০চনৰ শেষৰ পিনে মেলিণ্ডাই মাইক্ৰছফটত যোগদান কৰে। তাৰ পাছত বিল গেটছৰ সৈতে চিনাকি হয়। দুয়োজনৰ মাজত ঘনিষ্ঠতা বাঢ়ে আৰু ১৯৯৪ চনত দুয়ো বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিটা সন্তানো আছে। বৰ্তমান বিল গেটছৰ বয়স ৬৫বছৰ আৰু মেলিণ্ডাৰ বয়স ৫৬বছৰ।

   বিল আৰু মেলিণ্ডাই একেলগে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যননামৰ দাতব্য সংস্থাটো গঢ়ি তুলিছিল। গেটছ  দম্পতিৰ বিবাহ বিচ্ছেদৰ পাছত এতিয়া সংস্থাটোৰ  কাৰ্যপ্ৰণালি কি হব সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

Category
Profile picture for user UB Photos