উত্তৰ-প্ৰদেশত বিদ্যালয়সমূহ বন্ধ থাকিব ১৫ মে'লৈ

ff

উত্তৰ-প্ৰদেশত বিদ্যালয়সমূহ বন্ধ থাকিব ১৫ মে'লৈ । ১০ খন জিলাত জাৰি কৰা হৈছে সান্ধ্য আইন ।
কভিডৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মে'লৈ বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । বৃহস্পতিবাৰে ঘোষণা কৰিলে এই কথা। 
লগতে নিশা ৮ বজাৰ পৰা পুৱা ৭ বজালৈ বাহাল থাকিব সান্ধ্য আইন। লখনও,এলাহাবাদ, বাৰণশী, কানপুৰ, গৌতম বুদ্ধ নগৰ, গাজিয়াবাদ, মিৰুত, গৰাখপুৰত জাৰি কৰা হৈছে সান্ধ্য আইন ।
ইফালে, হাৰিয়ানা, উৰিষ্যা আৰু গুজৰাটৰ চৰকাৰেও দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত কৰাৰ কথা ঘোষণা কৰিছে । CBSE বৰ্ডৰ ঘোষণাৰ এদিন পিছতে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই কথা।

Category
Profile picture for user UB Photos