ৰঙালী বিহুত তেজেৰে ৰাঙলী হল বকো

ৰঙালী বিহুত তেজেৰে ৰাঙলী হল বকো

#news_time_assam
#ub24x7 #ASSAM

বকোৰ বৰালী মাৰাৰ সমীপৰ মাকেলী গাওঁত লোমহৰ্ষক হত্যাকাণ্ড।

খোদ গৃহ বিভাগৰ ছমৰীয়া আৰক্ষী চকীৰ চালকৰ দ্বাৰা হত্যাকাণ্ড সংঘটিত হোৱা সন্দেহ স্থানীয় ৰাইজৰ।

মৃত লোকজন মাকেলী গাওঁৰ বিশ্বজিৎ বিশ্বাস বুলি জানিব পৰা গৈছে।

যুৱকজনৰ মুখমণ্ডলত আঘাতৰ ছিন স্পষ্ট, এখন কান কাটি পেলাইছে হত্যা কাৰীয়ে।

যুৱকজনে যোৱাকালি সন্ধিয়া ছমৰীয়া বাছ আস্থানত থকা দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ সময়তে সন্ধানহীন বুলি আত্মীয়ই জনায়।যুৱকজনৰ মৃতদেহ ৰাতিপুৱা ছিংৰা নৈৰ সূতিত আত্মীয়ই উদ্ধাৰ কৰে।

মৃতদেহ উদ্ধাৰৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

উল্লেখ্য যে, মৃতদেহটো পৰীক্ষা কৰিব নিব খোজাত ছমৰীয়া আৰক্ষীক বাধা স্থানীয় ৰাইজৰ।

Category
Profile picture for user UB Photos