বিহুৰ দিনা ৰঙিয়াত এক ভাল লগা দৃশ্য

বিহুৰ দিনা ৰঙিয়াত এক ভাল লগা দৃশ্য

#news_time_assam
#ub24x7 #ASSAM

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোছাইটিৰ সমীপত থকা এটি তেল ডিপো আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিল। বিহুৰ দিনা ডিপোটোত কৰ্মৰত কৰ্মচাৰী সকলে পিন্ধি আহিছে অসমীয়া সাজপাৰ। যুৱক কৰ্মচাৰী সকলে ধুটি -গামোচা পিন্ধি অহাৰ বিপৰীতে কৰ্মৰত যুৱতী সকলে পিন্ধি আহিছে মেখেলা-চাদৰ। ধুটি- গেঞ্জি, মূৰত গামোছা বান্ধি যুৱক সকলে গ্ৰাহক সকলক দিছে তেল। পিছে, পিছ পৰি ৰোৱা নাই ডিপোটোৰ যুৱতী সকল।সুন্দৰ ভাবে তেল ভৰাই দিছে গ্ৰাহক সকলৰ যান-বাহনত।

কেৱল সেয়াই নহয়, যুৱক যুৱতী সকলৰ উদ্যমক এক অনন্য মাত্ৰা প্ৰদান কৰি কাকতি ফিলিঙ চেণ্টাৰৰ স্বত্তাধিকাৰীয়েও প্ৰতিগৰাকী গ্ৰাহকক এখন ফুলাম গামোছা পিন্ধাই জনাইছে বিহুৰ শুভেচ্ছা। তেল ডিপোটোৰ স্বত্তাধিকাৰীৰ পৰিয়ালৰ সদস্য সকলেও অসমীয়া সাজ পোছাক পিন্ধি উৎসাহ যোগায় কৰ্মচাৰী সকলক। ডিপোটোৰ তেল ভৰাবলৈ আহি গ্ৰাহক সকল আচম্বিত হৈ পৰে। সকলোৱে যুৱক- যুৱতী সকলক জনাই বিহুৰ শুভেচ্ছা। স্হানীয় ৰাইজে এই কাৰ্যক নতুন প্ৰজন্মৰ বাবে অনুকৰণীয় বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে তেল ডিপোটোত ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসো উদযাপন কৰা হৈছিল ।

Category
Profile picture for user UB Photos