মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানত বৈষ্ণৱৰ বোকাখেল

আজি ১ বহাগ দ্বীপ জিলা মাজুলীত ৰঙালীৰ উছাহ

#news_time_assam
#ub24x7 #Assam #Majuli

আজি বহাগ দ্বীপ জিলা মাজুলীত ৰঙালীৰ উছাহ ধৰিত্ৰীৰ উৰ্বৰা শক্তি বৃদ্ধিৰ কামনা কৰি প্ৰতিজন অসমীয়াই হাগ বিহু পালন কৰে  মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠান সমুহৰ উদাসীন পৰম্পৰাত বৈষ্ণৱ সকলে বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালিৰে ৰঙালীৰ আনন্দত ভাগ লয়

এই সমুহৰ ভিতৰত বোকা খেল বসন্ত উৎসৱৰ অন্যতম আকৰ ৩৭৩ বছৰীয়া পৰম্পৰাৰে মানুহ বিহুৰ দিনা সত্ৰানুষ্ঠানৰ বৈষ্ণৱ আলু মাজুলীৰ তিনি শতাধিক গাৱৰ সকলোৱে বোকা খেলত ভাগ লয় সত্ৰৰ সত্ৰাধিকাৰে বৈষ্ণৱ সকলক বোকাৰ তিলক সানি বোকাখেলৰ শুভাৰম্ভ কৰে

মাজুলীৰ ঐতিহাসিক আউনীআটী  সত্ৰৰ বৈষ্ণৱ সকলৰ লগতে অভয়পুৰীয়া, ফুলনি,   আদি অঞ্চলত পুৰুষ-মহিলা সকলোৱে মিলি বোকা খেলত ভাগ লয় ভূমিক শান্তি আৰু পবিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰি সত্ৰৰ প্ৰতিজন বৈষ্ণৱে ইজনে সিজনৰ গাত বোকা লেপন কৰি বোকা খেলত ভাগ লয়

লোকৰীতি আৰু পৰম্পৰাৰ মাজেৰে মাজুলীত উদযাপিত বোকাখেলে বসন্ত উৎসৱৰ এক বিশেষ মাত্ৰা বহন কৰি আহিছে মানুহ বিহুৰ এই পবিত্ৰ দিনটোত ভূমিক গাত লেপন কৰিলে সকলো ধৰণৰ চৰ্ম ৰোগ বছৰটোৰ বাবে আঁতৰি যায় বুলি বিশ্বাস কৰা হয়

         ধেমালী কৰি সমুহীয়াভাৱে নৈ বিলত গা ধুই মাজুলীবাসীয়ে আধ্যাত্মিকতাৰে সৰ্বমঙ্গলৰ কামনা কৰেজাতীয় জীৱন জিলিকাই তোলা অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহুতিয়ে সকলোৰে মন প্ৰাণ ৰঙীণ কৰি তোলক তাৰে কামনা কৰে ভগৱন্তৰ ওচৰত

মাজুলী অভয়পুৰীয়া আৰু ফুলনি গাৱঁৰ ৰাইজৰ মাজতো দেখা ' বোকা খেলৰ লগতে মাহ-হালধীৰ খেল

Category
Profile picture for user UB Photos