২৪ ঘণ্টাত ২ লাখ নতুন ক'ভিড আক্ৰান্ত, লগতে হাজাৰৰো অধিকৰ মৃত্যু

আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰ ওচৰা ওচৰি

#news_time_assam
#ub24x7 #India #COVID-19

২৪ ঘণ্টাত ২ লাখ নতুন ক'ভিড আক্ৰান্ত, লগতে হাজাৰৰো অধিকৰ মৃত্যু ।
বিগত ২৪ ঘণ্টাত দেশত নতুন কৰণা আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰ ওচৰা ওচৰি। আনহাতে ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হাজাৰৰো অধিক।
নিয়ন্ত্ৰণৰ বাহিৰ হবলৈ ধৰিছে কৰণা সংক্ৰমণৰ ঘটনা। পিছে ইয়াৰ বিপৰীতে ক'ভিড ভেকচিনৰ মজুতৰ সংখ্যা কমি আহিবলৈ ধৰিছে।
প্ৰতিদিনেই লাখ লাখ সংক্ৰমণ হৈ দেশত বৰ্তমানে ১৪ লাখৰ ওচৰ চাপিছে ক'ভিড সংক্ৰমণৰ ঘটনা।বিগত ২৪ ঘণ্টাত দেশত ১.৯৯ লাখ লোক নতুনকৈ ক'ভিডত সংক্ৰমণ হোৱাৰ খবৰ জানিব পৰা গৈছে।
 বিগত ২৪ ঘণ্টাত মুঠ সংক্ৰমণৰ ঘটনা- ১,৯৯,৫৬৯, মুঠ মৃতকৰ সংখ্যা- ১০৩৭, মুঠ সুস্থ হোৱা লোকৰ সংখ্যা- ৯৩,৪১৮।

Category
Profile picture for user UB Photos