
বহিঃ ৰাজ্যত কৰ্মৰত অসমীয়া যুৱকক হত্যা ৷ বেংলুৰত কৰ্মৰত যুৱকজন বোকাখাতৰ ২ নং বালিজান আদৰ্শ মিছিং গাঁৱৰ পবিত্ৰ পেগু ৷ ১২ জানুৱাৰীত ঘৰলৈ অহাৰ পৰাই নিৰুদ্দেশ হৈ আছিল যুৱকজন ৷ ১১ জানুৱাৰী তাৰিখে ঘৰলৈ অহাৰ কথা জনাইছিল দেউতাকক পবিত্ৰই।
বাঙ্গালুৰৰ মেজিচটিক ৰেল ষ্টেচনৰ পৰা অসমলৈ অহাৰ কথা আছিল যুৱকজন। ১২ তাৰিখৰ পৰা সন্ধানহীন হৈ থকা যুৱক জনৰ মৃতদেহ বাঙ্গালুৰৰ চেচাদিপুৰম আৰক্ষীয়ে উদ্ধাৰ কৰে। ১৮ তাৰিখে ভাতৃয়ে মৃতদেহ চিনাক্ত কৰে। বোকাখাতৰ ২নং বালিজানৰ নিবাসী পবিত্ৰ পেগুৰ মৃত্যুক হত্যা কাণ্ড বুলি সন্দেহ কৰি পৰিয়ালৰ লোকে তদন্তৰ বাবে বোকাখাত আৰক্ষী থানাত এজাহাৰ দখিল কৰিছে।
- Log in to post comments