
দেশৰ গণতন্ত্ৰ দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। গণৰাজ্য দিৱস পূৰ্বৰ দৰে নহয় এইবাৰ উদযাপন । তদুপৰি নাথাকিব কোনো ওলহ-মালহ। তাৎপৰ্যপূৰ্ণ যে এইবাৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত নাথাকে কোনো বিদেশী ৰাষ্ট্ৰৰ অতিথি । গণৰাজ্য দিৱস ৫৫ বছৰৰ পিছত পোনপ্ৰথমবাৰৰ বাবে নাথাকে কোনো বিদেশী অতিথি ।
মুল কাৰ্যসূচীৰ পেৰেড কৰা হৈছে ছুটি। পেৰেডত মাত্ৰ ৪০১ গৰাকী শিল্পী, কলা-কুশলী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীকহে অংশলোৱাৰ অনুমতি। একেদৰে দৰ্শকৰ আসনত কেৱল ২৫ হাজাৰ লোক উপস্থিত থাকিব পাৰিব।ইয়াৰে কেৱল ৪ হাজাৰ সাধাৰণ লোক উপস্থিত থকাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ।
আনহাতে ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ ব্যক্তি উপস্থিত থাকিব পাৰিব বুলি গৃহ মন্ত্ৰণালয়ে নিৰ্দেশনা জাৰি কৰিছে ।উল্লেখ্য যে ক'ভিড-১৯ভাইৰাছৰ সংক্রমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গণৰাজ্য দিৱস পূৰ্বৰ জাকজমকতাপূৰ্ণ পৰিহাৰ কৰি মাত্ৰ আনুষ্ঠানিকতাখিনিৰে সম্পন্ন কৰিব বুলি সদৰি কৰিছে।
- Log in to post comments