
গড় খেদিবলৈ গৈ বনকৰ্মীৰ গুলিত এজন ইটাভাটাৰ কৰ্মচাৰী গুৰুতৰ ভাৱে আহত হব লগা হোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত যোৱা তিনিটা দিন ধৰি কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গড়ে সন্ত্ৰাস চলাই অহাৰ পাছত আজি পুৱা টৌভঙাৰ বামুনীপামত আশ্ৰয় লৈ থকা গড়টোক খেদি পঠাবলৈ বনবিভাগৰ এটা দলে গুলি চালনা কৰে যদিও উক্ত গুলী লক্ষ্যভ্ৰস্ত হৈ কাষতে থকা এটা ইটাভাটাত কৰ্মচাৰী হিচাপে কাম কৰি থকা ঋিষি শিবাই(৩৫) নামৰ লোক জনৰ হাতত গুলী লাগে ।
ইফালে এই ঘটনাত ইটাভাটাৰ লগতে স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লগাৰ বিপৰীতে গুলীত গুৰুতৰ ভাৱে আহত হোৱা লোক জনক ততাতৈয়াকৈ উত্তৰ জামুগুৰি চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা শংকটজনক দেখি চিকিৎসকে গুৰুতৰ ভাবে আহত লোক জনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে ।
উল্লেখ্য যে উক্ত গড়টোৱে চতিয়া, ইটাখোলা, দিঘলী চাপৰিকে আদি কৰি বিভিন্ন স্থানত সন্ত্ৰাস চলোৱাৰ পিছত কালি নিশা গড়টো ইটাখোলাৰ পৰা ধলাইবিল হৈ গৈ জীয়াভৰলী নদীৰ দলংৰ তললৈ নামি গৈ টোভঙাৰ বামুনীপামত আশ্ৰয় লৈছিল ।
জানিব পৰা মতে বৰ্তমানেও বনবিভাগে দুটা হাতীৰ সহায়ত বনাঞ্চললৈ খেদি পঠাবলৈ চেষ্টা চলোৱাৰ উপৰিও শেহতীয়াকৈ গড়টোক ট্ৰেংকুলাইজ কৰিবৰ বাবে বনবিভাগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷কিন্তু বৰ্তমানলৈকে গড়টোক টেংকুলাইজ কৰিব পৰা হোৱা নাই ।
- Log in to post comments