বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

hhh

বঙাইগাঁও সদৰ চহৰৰ মাজ মজিয়াত ভয়ংকৰ দুৰ্ঘটনা

আৰক্ষীৰ বাহনৰ খুন্দাত থিতাতে মৃত্যু অচিনাক্ত মহিলাৰ

As-39-নম্বৰৰ আৰক্ষীৰ বাছ এখনে স্থানীয় পুলিচ ৰিজাৰ্ভৰ পৰা আৰক্ষীৰ দল এটাক লৈ গান্ধী ময়দানত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ অনুশীলনত লৈ যোৱা অৱস্থাত চাইকেল আৰোহী মহিলা গৰাকীক খুন্দিয়ায় বাছখনে

চহৰখনৰ এ ও চি ৰোডত সংঘটিত হয় এই ভযংকৰ দুৰ্ঘটনা

সম্প্ৰতি অচিনাক্ত মহিলা গৰাকীৰ মৃতদেহটো বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰখা হৈছে

উল্লেখ্য আজি বঙাইগাঁও আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখাই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগতে সংগতি ৰাখি চহৰখনত দুৰ্ঘটনা ৰোধৰ সজাগতা সৃষ্টিৰে নৰ্থ বঙাইগাঁৱত স্বাক্ষৰ অভিযান কাৰ্যসূচী চলি থকা সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত মহিলা গৰাকীৰ মৃত্যু ঘটে

 

Category
Profile picture for user UB Photos