তিতাবৰ মহকুমা প্ৰশাসনে প্ৰকাশ কৰিলে ভোটাৰ তালিকাৰ চূড়ান্ত খচৰা

gtg

সমাগত বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰকমুহূৰ্তত ২০২১বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰকাশ কৰিছে তিতাবৰ মহকুমা প্ৰশাসনে। ১০০ নং তিতাবৰ আৰু ১০১ নং মৰিয়নী বিধান সভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াই। আজি তিতাবৰ মহকুমা প্ৰশাসনৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানযোগে তিতাবৰ মহকুমাধিপতি খনিন্দ্ৰ কুমাৰ দাস, তিতাবৰ জিলা নিৰ্বাচনী বিষয়া ডঃ মণিকা বৰা আৰু দণ্ডাধীশ মিতালি লাহনে আনুষ্ঠানিক ভাৱে চূড়ান্ত ভোটাৰ তালিকাখন মুকলি কৰে।

এইবাৰ তিতাবৰ সমষ্টিত ১৮১ টা ভোট কেন্দ্ৰত ১৫৪৫৪০ গৰাকী ভোটাৰৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৭৭১৭৯ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে ৭৭৩৬১ গৰাকী মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। আনহাতে তিতাবৰ সমষ্টিত ৩২৬৩ গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে। ইফালে মৰিয়নি সমষ্টিত মুঠ ১২২১২৮ গৰাকী ভোটাৰে ১৪২টা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব। সমষ্টিটোত ৬০৭১৫ গৰাকী পুৰুষ আৰু ৬১৪১৩ গৰাকী মহিলা ভোটাৰ থকাৰ বিপৰীতে এইবাৰ ৩০০৬ গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে। তিতাবৰত ৫৪৯ আৰু ৩৮৮ গৰাকী চাৰ্ভিছ ভোটাৰে ভোটদান কৰিব বুলিও আজিৰ অনুষ্ঠানটোৰ যোগেদি মহকুমা প্ৰশাসনে জানিবলৈ দিছে।

Category
Profile picture for user UB Photos