
উদ্যান শস্য ও খাদ্য সংসাধন সঞ্চালকালয়ৰ উদ্যোগত আহা ২১জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আন্ত:ৰাষ্ট্ৰীয় এগ্ৰী-হ'ৰ্টী শ্বো বোকাঘাতত অনুষ্ঠিত হ'ব। এই প্ৰদৰ্শনী আনুষ্ঠানিক ভাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালে মুকলি কৰিব বুলি সদৰী কৰে কৃষি মন্ত্ৰী অতুল বৰাই।
সোমবাৰে খানাপাৰাস্থ উদ্যান শস্য সঞ্চালকালয়ৰ মোমাই তামুলী প্ৰেক্ষাগৃহত এক সংবাদ মেলত তেওঁ এই কথা সদৰি কৰে। সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে কৃষি আৰু পশু পালন খণ্ডৰ বিভিন্ন সফলতাৰ খতিয়ানো দিয়ে। দহ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰত্যক্ষ যোগদানৰ লগতে ভালে কেইখন ৰাষ্ট্ৰই ভাৰ্চুৱেলি যোগাযোগ কৰিব। এই মেলাৰ বাবে ৪.৫কোটি টকাৰ বাজেট ধাৰ্য্য কৰিছে কৃষি বিভাগে।
Attachments area
- Log in to post comments