যেন দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত / শনিবাৰ ৰ পৰা ৰাজ্যত প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন

শনিবাৰ ৰ পৰা ৰাজ্যত প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন

        অৱশেষত সকলো উৎকন্ঠাৰ অন্ত পেলাই ৰাজ্যবাসীলৈ আহিল বহু আকাংক্ষিত ভাল খবৰটো। যেন দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পৰিল। শনিবাৰ ৰ পৰা ৰাজ্যত প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন ।

       ১ লাখ লোকক প্ৰথমে প্ৰদান কৰা হ'ব ক'ভিশ্বিল্ড। ১ লাখ ৮৯ হাজাৰ লোকে ভেকচিনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে। ভেকচিন প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে নিৰ্বাচিত কৰিছে ৭৪ টা স্থান ।

      ইতিমধ্যে নিদিষ্ট জিলা সমূহলৈ প্ৰেৰণ কৰা হৈছে ভেকচিন সমূহ । উল্লেখ্য যে মঙলবাৰে বিমানযোগে পুণেৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ক'ভিশ্বিল্ড ভেকচিন।

     স্মতব্য প্ৰথম পৰ্য্যায়ত ক'ভিড ভেকচিনত অগ্ৰাধিকাৰ পাব ক'ভিডযোদ্ধা চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলে।এই কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।

Category
Profile picture for user UB Photos