
যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে বলাৎকাৰ কাণ্ড । তথাপিও গা ল'ৰা নাই চৰকাৰৰ ।
শেহতীয়াকৈ যোগীৰ ৰামৰাজ্যত সুৰক্ষিত নহয় স্বয়ং মহিলা আৰক্ষী ।কৰ্তব্যৰত এগৰাকী মহিলা কনিষ্টবলক ধৰ্ষণ কৰে সতীৰ্থ আৰক্ষী বিষয়াই। নিজৰ কাৰ্যালয় কক্ষ দেখুৱাৰ অচিলা লৈ বলপূৰ্বক ধৰ্ষণ কৰে মহিলা আৰক্ষী গৰাকীক। এই জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছত গাপ দিয়াৰ বাবে ভাবুকি পৰ্যন্ত দিয়ে মহিলা গৰাকীক।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গুন্দা জিলাৰ এখন থানাত।থানাখনত থকা মহিলা আৰক্ষী সকল সম্প্ৰতি ভূগিছে নিৰাপত্তা হীনতাহীনতাত। ইতিমধ্যে ধৰ্ষিতা মহিলা গৰাকীয়ে গোচৰ ৰজু কৰিছে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ।
এনে ক্ষেত্ৰত যোগী আদিত্যনাথৰ গৃহ বিভাগে কি পদক্ষেপ লয় সেইয়া হ'ব লক্ষণীয়।
- Log in to post comments