
কৃষি আন্দোলনে ক্রমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সাময়িকভাৱে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তিনি কৃষি আইন ৰূপায়ণত স্হগিতাদেশ ঘোষণা কৰিছে যদিও ক্ষান্ত হোৱা নাই ক্ষুব্ধ কৃষক সংগঠন সমূহ।
বিজেপি নেতা-কৰ্মীক গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিছে হাৰিয়ানাৰ ৫০-৬০ খন গাঁৱত । লগতে JJPনেতাৰ প্ৰৱেশটো
বাধাআৰোপ কৰিছে ক্ষোভিত প্ৰতিবাদী কৃষকৰ। হাৰিয়ানাৰ ঐতিত্যমণ্ডিত কৃষি ভিত্তিক উৎসৱ ল'ৰী উৎসৱ উদযাপনৰ পৰাও বিৰত আছে কৃষক সকল।
দিল্লীৰ সিন্ধু সীমান্তত ঠেতুৱালগা জাৰকো নেওচি যোৱা ডেৰমাহ দিন ধৰি অৱস্থান কৰি থকা কেইবা সহস্ৰাধিক কৃষকে কৃষি বিলৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বুধবাৰে ।
উল্লেখ্য যে, কৃষি আইন সাময়িকভাৱে স্থগিত হ'ল।গঠন হ'ল কমিটী। কিন্ত শেহতীয়াকৈ কমিটিৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আন্দোলনকাৰী কৃষকসকল।
- Log in to post comments