
এটা শিহৰণকাৰী লোমহৰ্ষক ধৰ্ষণকাণ্ড সংঘটিত হৈছে। যি ঘটনা শুনিলে আপোনাৰ চকু কপালত। এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক প্ৰথমে উপযুপৰি দলবদ্ধ ধৰ্ষণ কৰি চকু অন্ধ কৰে কিশোৰী এগৰাকীক।
১৫ বছৰীয়া মুকবধিৰ কিশোৰীক বলাৎকাৰ কৰে তিনিজনীয়া লম্পটৰ যুৱকে।নিজৰ অসৎ কাৰ্য চৰিতাৰ্থ পূৰণতে ক্ষান্ত নাথাকি ধৰ্ষণৰ পিছতে কিশোৰী গৰাকীৰ দুয়োটা চকু নষ্ট কৰে বলাৎকাৰী দলটোৱে।পাছত স্থানীয় গঞাঁ ই মুমুৰ্ষ অৱস্থাত এখন গেজিং পথাৰত উদ্ধাৰ কৰে কিশোৰী গৰাকীক। এই জঘন্য ঘটনা সংঘটিত হৈছে বিহাৰৰ মধুবানী জিলাৰ এখন ভিতৰুৱা গাঁৱত।
এই অমানুষিক ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰে দোষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পিছতে বিহাৰ আৰক্ষীয়ে অতি তৎপৰতাৰে তিনি লম্পটক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।
- Log in to post comments