
ৰাজ্যত কেতিয়া হ'ব বিধানসভা নিৰ্বাচন । এই সন্দৰ্ভত এতিয়া অব্যাহত আছে জল্পনা- কল্পনাৰ।২১'ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো সৰু-বৰ ৰাজনৈতিক দলে কঁকালত বান্ধিছে টঙালী। ইতিমধ্যেই আৰম্ভ কৰিছে নিৰ্বাচনী কুজকাৱাজ।
এনে প্ৰেক্ষাপটত আগন্তুক নিৰ্বাচনক লৈ প্ৰাৰম্ভিক প্ৰস্ত্তুতি চলাইছে দেশৰ নিৰ্বাচনী আয়োগে। নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'বলৈ যোৱা ১১ৰ পৰা ১৩ জানুৱাৰীলৈ নিৰ্বাচন আয়োগৰ এটি দলে ভ্ৰমণ কৰে অসমৰ ভিন্ন অঞ্চল ।দলটোৱে নিৰ্বাচন সুচাৰুৰূপে অনুস্থিত কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰাৰ লগতে EVM,VVPAT,ভোটকেন্দ্ৰত নিয়োজিত বিষয়া-কৰ্মচাৰী সম্পৰ্কতো বিষদ আলোচনা কৰে ৰাজ্যৰ নিৰ্বাচন বিভাগ আৰু ৰাজ্য প্ৰশাসনৰ বৰমুৰীয়া সকলৰ সৈতে।
একেদৰে যোগাযোগ,পৰিবহন,ক'ভিড কেন্দ্ৰীক সাৱধানতাক লৈও আলোচনা কৰে । অহা তিনিমাহৰ ভিতৰত অসম সহ কেৰেলা,পশ্চিমবঙ্গ ,পুডুচেৰী,তামিলনাডুত অনুস্থিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
- Log in to post comments