কাজিৰঙাৰ বনকৰ্মীলৈ ভোগালীৰ উপহাৰ প্ৰদান মন্ত্ৰী অতুল বৰাৰ

ৰ

      শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া  ভোগৰ উৎসৱ ভোগালীৰ পাৰভঙা উছাহ।এই ভোগালীৰ উৰুকাৰ দিনাই বোকাখাতৰ বিধায়ক তথা ৰাজ্যৰ কৃষি  মন্ত্ৰী অতুল বৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৭২ টা বন শিবিৰৰ বনকৰ্মীলৈ ভোগালীৰ উপহাৰ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। বুধবাৰে অগৰাতলী বনাঞ্চলত উপস্থিত হৈ বনাঞ্চলৰ ৩৪ টা বন শিবিৰত কৰ্তব্যৰত বনকৰ্মীক ভোগালীৰ পিঠা, জলপান, কেলেণ্ডাৰ, একোখনকৈ ডায়েৰী আদি  উপহাৰ প্ৰদান কৰে।

     উল্লেখ্য যে কাজিৰঙাৰ জীৱকূলৰ সুৰক্ষাৰ খাতিৰত বিহুৰ বতৰতো নিজ গৃহলৈ নগৈ পৰিয়ালৰ পৰা আঁতৰত থাকি উদ্যানখনত নিজৰ কৰ্তব্য পালন কৰি যি ত্যাগ কৰিছে সেই কামক মন্ত্ৰীগৰাকীয়ে শলাগ লোৱাৰ লগতে সমূহ অসমবাসীক মাঘ বিহুৰ ওলগ জনায়৷

Category