
ভোগালী বিহুৰ প্ৰাগমুহুতত ৰাজ্যবাসীলৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে IOCL য়ে। এতিয়াৰ পৰা আপুনি গেছ বুকিং কৰিলেই তৎকালেই গেছ চিলিণ্ডাৰ পাব।বিশেষ আঁচনিৰ অধীনত এই ব্যৱস্থা ৰূপায়ণ কৰিছে আই অ চিয়ে।বুক কৰাৰ দিনাই আপুনি পাব ৰন্ধন গেছ চিলিণ্ডাৰ ।
আই অ চি অলৰ ইন্দেইন ব্ৰেন্দত সকলো গ্ৰাহকে লাভ কৰিব এই অভিলাষী আঁচনিৰ সুবিধা ।আই অ চি এলে ইতিমধ্যে বিশেষ আঁচনিৰ জৰিয়তে আৰম্ভ কৰিছে প্ৰাৰম্ভিক কামকাজ। ১ ফেব্ৰুৱাৰীৰ পৰা LPG গ্ৰাহকে এই সুবিধা লাভ কৰিব ।
তৎকাল আঁচনিৰ জৰিয়তে ডেলিভাৰি নেটৱৰ্কৰ ডিলাৰ সমূহেও লাভ কৰিব এনে সুবিধা । IOCL য়ে শীঘ্ৰে এই আঁচনিখন ৰূপায়ণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।
- Log in to post comments