মৎস্য মৰাক কেন্দ্ৰ কৰি কাজিৰঙাত উত্তপ্ত পৰিস্হিতি

 মৎস্য মৰাক কেন্দ্ৰ কৰি কাজিৰঙাত উত্তপ্ত পৰিস্হিতি

       মৎস্য মৰাক কেন্দ্ৰ কৰি কাজিৰঙাত উত্তপ্ত পৰিস্হিতি । উৰুকাত কাজিৰঙা এলেকাত মৎস্য চিকাৰ কৰিব নোৱাৰাকৈ কলিয়াবৰ মহকুমা প্ৰশাসনে১৩ আৰু ১৪জানুৱাৰীত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰা হৈছিল।কিন্তু উৰুকাৰ পুৱাতে কাজিৰঙাৰ একাংশ লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল -জলাশয়ত অনাধিকাৰ প্ৰবেশ কৰি মৎস্য চিকাৰ কৰে ।এই ক্ষেত্ৰত বনকৰ্মী আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰাত উত্তেজিত হৈ পৰে লোকসকল।

      হাতত দা,লাঠি লৈ ৰাজপথ অৱৰোধ কৰি আৰক্ষী-অৰ্ধ বাহিনীৰ সৈতে হতাহতি পৰ্যন্ত হয় স্থানীয় লোকৰ।যাৰ বাবে পৰিস্হিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী- অৰ্ধ সামৰিক বাহিনীয়ে শূন্যলৈ গুলীচালনা কৰে যদিও যুযুধান স্থিতি লৈ ৰাজপথত অৱস্থান কৰে বিক্ষুদ্ধ লোকসকল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত বিহুৰ বাবে উজনিমুখী বহুবোৰ যানবাহন ৰাজপথত আৱদ্ধ হৈ পৰে।

বাতৰি যুগুতোৱালৈকে পৰিস্হিতি অনিয়ন্ত্ৰিত হৈ আছে।

Category
Profile picture for user UB Photos