ভোগালীৰ উৰুকা দিনা পুৱা মৎস্য চিকাৰত নামিল বিধায়িকা আঙুৰলতা ডেকা

ল

          ভোগালীৰ পাৰভঙা উছাহ ৰাজ্যৰ সৰ্বত্ৰে। উৰুকাৰ নিশা লগে-ভাগে উদৰ পুৰাই এসাজ খোৱাৰ উদ্দেশ্যেই ৰাজ্যৰ সকলো প্ৰান্ততে পুৱাই বিল-জলাশয়ত সকলোৱে চিকাৰ কৰে মৎস্য ।  মধ্য অসমতো তিৱা জনগোষ্ঠীয় লোক সকলে উৰুকাৰ দিনা বিলত নাৰী-পুৰুষে মৎস্য চিকাৰ কৰাটো পৰম্পৰা চলি আহিছে অতীতৰ পৰা।

          উৰুকাৰ দিনত মধ্য অসমৰ এগৰাকী বিধায়িকাৰ গা সাতখন আঠখন। ভোগালীৰ উৰুকা দিনা পুৱাৰ ভাগত মৎস্য চিকাৰত নামি পৰে বটদ্রৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকা আঙুৰলতাই চাৰিপুনীয়াত শশ ৰাইজৰ লগত বিলত নামি   পৰে মৎস্য চিকাৰ কৰিবলৈ। ৰাইজৰ সৈতে ককাল ঘূৰাই নাচিবাগি শীতৰ  জাৰকো নেওচী চাবুকধৰাৰ চাৰিপুনীয়া বিলত নাওত উঠি বিলখনিৰ সুকুমল পৰিৱেশ উপভোগ কৰাৰ লগতে হাতত নিজে ধৰা মাছ লৈ কেমেৰাৰ সন্মুখত প’জ দি  বিধায়িকা গৰাকীয়ে তিৱা  জাতিৰ পৰম্পৰা ৰক্ষাৰ স্বার্থতে অঞ্চলৰ সকলো ৰাইজৰ সৈতে একত্ৰিত  হৈ বিহুটিক এনেদৰেই আয়োজন কৰা বুলি জানিবলৈ দিয়ে।

Category