কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জাৰি কৰা হৈছে ১৪৪ ধাৰা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত জাৰি কৰা হৈছে ১৪৪ ধাৰা

         এশিঙীয়া গড়ৰ ৰম্যভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। বুধবাৰৰ মাঘৰ বিহু  উৰুকাত সমূহীয়া মাছ মৰাৰ প্ৰতি লক্ষ্য ৰাখি এই ধাৰা জাৰি কৰা হৈছে। বন্যপ্ৰাণী সুৰক্ষা আৰু আইন শৃংখলা অক্ষুন্ন থকাৰ উদ্দেশ্যেই কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওঁগে জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় উদ্যান খনৰ অন্তৰ্গত বাগৰি,বুঢাপাহাৰ বনাঞ্চল এলেকাধীন অঞ্চলটোত ১৪৪ ধাৰা বলবৎ থাকিব।

    ১৩ আৰু ১৪ জানুৱাৰীত উল্লিখিত এলেকাত পাঁচ জন বা ততোধিক লোকৰ সমাগম হ'ব নোৱৰিব।একেদৰে কোনো ধৰণৰ মাছ মৰা সামগ্ৰী, জাল /অন্য বস্ত লৈ যাব নোৱাৰিব নিষেধাজ্ঞা এলেকালৈ। কোনোৱে এই আইন ভংগ কৰিলে ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে কলিয়াবৰ প্ৰশাসনে।

Category
Profile picture for user UB Photos