
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ।
AIUDF ৰ সভাপতি সাংসদ আজমলৰ অসমৰ বিভিন্ন প্ৰান্তত থকা ৬ খনকৈ মাৰকাজ দাৰুল য়াতামা অনাথ আশ্ৰম ছীল কৰি দিছে সংশ্লিষ্ট প্ৰশাসন। শিশুৰ অধিকাৰ আৰু নীতি নিৰ্দেশনা ভংগ কৰাৰ অভিযোগত ছীল কৰা হৈছে আশ্ৰয় কেইখন।
উল্লেখ্য যে আজমল ফাউণ্ডেশ্যনে বহি:দেশৰ নিষিদ্ধ ঘোষিত ইছলামিক সংগঠনৰ সমৰ্থন পুষ্ঠ সন্হাৰ পৰা বহু কোটি টকা দানস্বৰূপে সংগ্ৰহ কৰি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আছিল। এনে প্ৰেক্ষাপটত অসম চৰকাৰৰ আজি এই অভিযান বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।
- Log in to post comments