
লাডাখ সীমান্তৰ পৰা ১০,০০০চীনা সৈনিক প্ৰত্যাহাৰ৷
লাডাখ সীমান্তত প্ৰচণ্ড শীতত ভাৰতীয় সেনাৰ প্ৰায় ৫০,০০০সৈনিক সমাবেশৰ বিপৰীতে যোৱা বছৰৰৰ এপ্ৰিল মাহৰ পৰা চীনা সৈনিকৰ প্ৰায় সমসংখ্যক সৈনিক সম্পূৰ্ণ যুদ্ধৰ প্ৰস্তুতিৰে সমাবেশ হৈ আছিল৷ ভাৰতীয় সৈনিক বিগত তিনি দশকত লাডাখতকৈও উচ্চ ছিয়াচিন গ্লেচিয়াৰত প্ৰশিক্ষণপ্ৰাপ্ত হোৱা হেতুকে ভাৰতীয় সৈনিকসকল চীনা সৈনিকসকলৰ তুলনাত লাডাখৰ প্ৰচণ্ড শীতৰ লগত মোকাবিলা কৰিবলৈ শাৰীৰিক ভাৱে বেছি সক্ষম বুলি একাংশ বিশেষজ্ঞই পুৰ্বৰে পৰা মতপোষণ কৰিছিল৷ এতিয়া এই অনুমান সঁচা প্ৰমাণিত হৈছে৷
লাডাখৰ প্ৰচণ্ড শীতৰ প্ৰকোপত চীন চৰকাৰে সীমান্তৰ পৰা প্ৰায় ১০,০০০সৈনিক বিগত দিনেইটাত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে৷ইয়াৰ তুলনাত ভাৰতে পুৰ্বৰ দৰেই ৫০,০০০সৈনিক এতিয়াও লাডাখ সীমান্তত মোটায়ন কৰি ৰাখিছে৷
লাডাখৰ দৰে দুৰ্গম তথা উচ্চ অঞ্চলত চীনা সৈনিকৰ শীতকালৰ কোনো অভিজ্ঞতা নাই৷ তাৰোপৰি ডিচেম্বৰ মাহৰ প্ৰথমৰ পৰাই চীনা সৈনিকৰ লাডাখৰ শীতপ্ৰবাহত অসুস্থ হৈ পৰাৰ বাতৰি ভাৰতীয় চোৰাংচোৱা সুত্ৰসমুহে সংগ্ৰহ কৰিছিল৷
অৱশেষত আজি ভাৰতীয় সেনাৰ উচ্চস্তৰীয় সুত্ৰই সংবাদ প্ৰতিষ্ঠান ANIক দিয়া বাতৰি অনুসৰি চীনা সৈনিকৰ ১০,০০০এক বৃহৎ দলক লাডাখৰ সীমান্তৰ পৰা প্ৰত্যাহাৰৰ নিশ্চয়তা প্ৰমাণিত হ’ল৷
- Log in to post comments