বাৰ্ড ফ্লু আতংক! জাৰি কৰা হৈছে হাই এলাৰ্ট

জাৰি কৰা হৈছে হাই এলাৰ্ট

     দেশৰ বিভিন্ন প্ৰান্তত এতিয়া বাৰ্ড ফ্লু আতংক।এই মহামাৰীয়ে লৈছে ভয়ংকৰ ৰূপ। যাৰ বাবে দেশৰ ৰাজধানী দিল্লীত জাৰি কৰা হৈছে হাই এলাৰ্ট ।

     বাৰ্ড ফ্লু লৈ প্ৰতিটো এজেন্সি সষ্টম।বাৰ্ড ফ্লু সন্দৰ্ভত নজৰ ৰাখিবলৈ তৈয়াৰ কৰা হৈছে ৰেপিড ৰেচপন্স টীম। ৰেপিড ৰেচপন্সি টীমে সংগ্ৰহ কৰিছে নমুনা । দিল্লীৰ ৪৮ খন চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসকে নিৰীক্ষণ অব্যাহত ৰাখিছে ।

      দিল্লীৰ পক্ষী উদ্যানৰ লগতে জলাশয়ৰ পক্ষীৰ ওপৰতো চকু ৰাখিছে বিশেষ দলে।বাৰ্ড ফ্লু সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোডিয়াই জ্যেষ্ঠ পশু চিকিৎসক- বিশেষজ্ঞ সকলৰ সৈতে মিলিত হৈছে এক বৈঠকত।

Category