ৰাজপথত গৰু ছাগলী এৰাল দিয়াৰ আগত এতিয়াৰে পৰা সাৱধান/ আপুনি ভৰিব লাগিব জৰিমনা

ৰাজপথত গৰু ছাগলী এৰাল দিয়াৰ আগত এতিয়াৰে পৰা সাৱধান। আপুনি ভৰিব লাগিব জৰিমনা

       সাৱধান ৷ এতিয়াৰে পৰা ৰাস্তত যেনিয়ে তেনিয়ে গৰু এৰাল নিদিব ৷গৰু এৰাল দিয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হলে আপুনিও ভৰিব লাগিব জৰিমনা ৷ ৰাজ্যৰ বিভিন্ন স্থানত সময়ে সময়ে ৰাস্তাত থকা গৰু, ছাগলী এৰাল দিয়াৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷

      আনকি গৰু ছাগলী বচাবলৈ গৈ  যান-বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ বহু লোক মৃত্যুমুখতো পৰিছে ৷ এতিয়াৰে পৰা ৰাস্তাত গৰু, ছাগলী আদি ঘৰচীয়া প্ৰাণী ৰাস্তাত এৰাল  দিয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হলে এনিমেল প্ৰটেশ্বন আইন মতে গৰু ছাগলীৰ গৰাকী বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব ৷

       কেৱল গৰু, ছাগলী এৰাল দিয়ায়েই নহয় পথত ধান, সৰিয়হ আদি মেলি দিলেও পথ সুৰক্ষা আইন মতে দণ্ডণীয় হ'ব ৷ আজি এই সংক্ৰান্তত ৰাইজক সজাগ কৰাৰ উদ্দেশ্য বাক্সা জিলা পথ সুৰক্ষা সমিতিৰ তত্বাবধানত মাইক যোগে  বাক্সাৰ বিভিন্ন অঞ্চলত  ঘোষণা কৰা হয়  ৷

       আনহাতে আজি বাক্সা পৰিবহন বিষয়া  শোণিত কুমাৰ বৰাই জানিবলৈ দিয়ামতে, কভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত বিভাগটোৰ কৰ্মচাৰীসকলে বিভিন্ন কাম-কাজত নিয়োজিত হৈ থকাৰ ফলত যানবাহন আইনৰ ক্ষেত্ৰত কিছু শিথিল হ'ব লগা হৈছে ৷ কিন্তু অতিশীঘ্ৰে বাক্সা জিলা পৰিবহণ বিভাগে এই ক্ষেত্ৰত কঠোৰ হ'ব বুলি জানিবলৈ দি একাংশ উদণ্ড যুৱকে যি ধৰণে জধেমধে মটৰ চাইকেল চলাই তাৰ পৰা সংযত হ'বলৈ যুৱক সকলক আহ্বান জনাই ৷

       বাগছা জিলাত আগন্তুক পাচ মাহত জিলাখনত ৩০ টাতকৈ অধিক পথ  দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'ব নোৱাৰিব বুলি এক নিৰ্দেশ যোগে ৰাজ্যিক অতিৰিক্ত কমিশ্বনাৰে জনোৱা বুলি পৰিবহণ বিষয়াগৰাকীয়ে জানিবলৈ দি বিভাগটোৱে অনাগত দিনত যান-বাহন আইনৰ ক্ষেত্ৰত অধিক কঠোৰ হ'ব লাগিব বুলি ব্যক্ত কৰে ৷

Category
Profile picture for user UB Photos