ঈদৰ দিনাই ৰাজপথত নামিল এ বি এমছু/ লাফিকুল হত্যাৰ বিচাৰত ৰাজপথত প্ৰতিবাদ

 লাফিকুল হত্যাৰ বিচাৰত ৰাজপথত প্ৰতিবাদ

      আজি পৱিত্ৰ ঈদ।  ২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰ চহৰত দিন দুপৰতে এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক আছিনাক্ত দুৰ্বৃত্বই হত্যা কৰিছিল। আজি এই পৱিত্ৰ ঈদৰ দিনাই সমগ্ৰ বি টি চিত প্ৰতিখন সংখ্যালঘু গাঁওত লাফিকুল ইছলাম আহমেদৰ হত্যাৰ বিচাৰ বিচাৰি  আৰু হত্যাকাৰীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত এ বি এমছুই প্ৰতিবাদ সাব্যস্ত।

     বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ দ্বাৰকুচিত দ্বাৰকুচি আঞ্চলিক এ বি এমছুৰ প্ৰতিবাদ সাব্যস্ত। এ বি এমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইচন হুছেইনৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰীয়ে দ্বাৰকুচিত ৰঙিয়া-তামুলপুৰ-ভূটান আন্তৰাষ্ট্ৰীয় সীমা সংযোগী ৰাষ্ট্ৰীয় পথত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।  

       হাতে হাতে প্লে' কাৰ্ড লৈ লাফিকুল ইছলাম হত্যাৰ বিচাৰ কৰক, হাগ্ৰামা মহিলাৰী মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, চি বি আইৰ তদন্ত ৰাজহুৱা কৰক, লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, বি জে পি চৰকাৰ গ' বেক, এ বি এমছু জিন্দাবাদ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।

     ইপিনে লাফিকুল ইছলামৰ হত্যাৰ ন্যায়ৰ দাবীত অহা ৬ আগষ্টত সমগ্ৰ বি টি চিত মানৱ শৃংখলৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি এ বি এমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে জানিব দিছে।

Category
Profile picture for user UB Photos