১০ ঘণ্টাকৈ লোঘোণে ভোকে থিয় হৈ থাকিল কভিড ৰোগী

১০ ঘণ্টাকৈ লোঘোণে ভোকে থিয় হৈ থাকিল কভিড ৰোগী

     স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগটো আমূল পৰিৱৰ্তন অনা আৰু মহামাৰী কভিড সংক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ স্বাস্থ্য বিভাগ সকলো ক্ষেত্ৰতে প্ৰতিটো সময়ত যি ঢাক ঢোল বজাই আছে তেনে সময়তে সৰ্বত্ৰে তাৰ বিপৰীত ছবি পৰিলক্ষিত হৈছে  ।

     উজনি অসমৰ মৰাণত সংঘটিত হৈছে স্বাস্থ্য বিভাগৰ এনে এক ঘটনা । মৰাণত কভিড ১৯ ৰ গণসংক্ৰমণৰ ফলত যোৱা ২৪ ঘণ্টাত মুঠ ২১ জন কৈ লোকৰ কভিড পজিটিভত আক্ৰান্ত হয়। ইয়াৰে ১৭ গৰাকী চৰাইদেউ জিলাৰ মৰাণ নগৰৰ । মৰাণহাট থানাৰ কৰ্মৰত ৬ জনকৈ জোৱানসহ মুঠ ১৭ গৰাকী কভিড ৰোগীক কভিড কেয়াৰ চেণ্টাৰলৈ চিকিৎসা বাবে নিবলৈ চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ সময়ৰ প্ৰয়োজন হয় ১০ ঘণ্টাৰো অধিক । যাৰ ফলত কভিড ৰোগী সকল ১০ ঘণ্টা সময় লঘোণে ভোকে থিয় হৈ অতিবাহিত কৰিবলগীয়া হোৱাট অস্থিৰ হৈ পৰে।

      বাৰে বাৰে ৰোগী সকলে এম্বুলেঞ্চ কেতিয়া আহিব বুলি সোধাত স্বাস্থ্য বিভাগৰ ফালৰ পৰা যথাযথ উত্তৰ নাপাই ৰোগী সকলে খঙত অগ্নিশৰ্মা হৈ মৰাণ মহাবিদ্যালয়ৰ ৰেপিড টেষ্টিং চেণ্টাৰত কৰ্মৰত স্বাস্থ্যকৰ্মীসকলক কটুবাক্য প্ৰয়োগ কৰে বুলি জানিব দিয়ে স্বাস্থ্য কৰ্মীয়ে। আনহাতে পাটসাকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জেষ্ঠ চিকিৎসক তথা পাটসাকো মহকুমা স্বাস্থ্য বিষয়া নিৰঞ্জন দাসে সাংবাদিকক অৱগত কৰে যে কভিড কেয়াৰ হস্পিটেলত বিচনা অভাৱ তথা এম্বুলেঞ্চ প্ৰয়োজন অনুপাতে নথকাৰ বাবেই তেওঁলোকক ১০ ঘণ্টা সময় ৰখাব লগা হয়।

      যোৱা নিশা সংঘটিত এই কাণ্ডৰ ফলত কভিডৰ লগত সন্মুখৰ পৰা যুঁজ অব্যাহত ৰখা চিকিৎসকজনে জনাই যে অনাগত দিনত কভিড ৰোগীৰ পৰা এনে কটু বাক্য আৰু দুব্যৱহাৰ পালে তেন্তে তেওঁ চাকৰিৰ পৰা অব্যাহতি লোৱা কথাও উল্লেখ কৰে। এই দৃশ্যই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উন্মোচিত কৰিছে ।

Category
Profile picture for user UB Photos