আমেৰিকাত দ্ৰতগতিত আৰম্ভ হৈছে নিৰ্বাচনী কুজকাৱাজ

আমেৰিকাত দ্ৰতগতিত আৰম্ভ হৈছে নিৰ্বাচনী কুজকাৱাজ

      আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ  তিনিমাহ থকা অৱস্থাত মহাশক্তিধৰ ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ আসন খনত অধিষ্ঠিত হ'বলৈ ডেম'ক্রেটিক আৰু ৰিপাব্লিক দলৰ মাজত দ্ৰতগতিত আৰম্ভ হৈছে নিৰ্বাচনী কুজকাৱাজ।

       ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতি পদত  অবতীৰ্ণৰ কথা সদৰি হোৱাৰ লগে লগে ডেম'ক্রেটিক দলৰ  প্ৰাৰ্থী জ' বিডানে ভাৰতীয় আমেৰিকান ভোটাৰৰ কাষ চপাৰ প্ৰস্তুতি চলাইছে। দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে ভাৰতীয় সকলে।

        এনে ক্ষেত্ৰত  ডেম'ক্রেটিক প্ৰাৰ্থী জ' বিডেনে ভাৰতীয় মুলৰ ভোটাৰ সকলৰ মন আকৰ্ষিতৰ বাবে ১৪ টা ভাৰতীয় ভাষাত প্ৰচাৰ চলোৱাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে। একেদৰে পিছ পৰি ৰোৱা নাই ৰিপাব্লিকিয়ান দলেও। দলটোৱেও একেই পন্হা গ্ৰহণ কৰিছে।

     অহা ৩ নৱেম্বৰত অনুস্থিত হ'ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক দলৰ প্ৰাথীত্ব দি ৰিপাব্লিকানে ভাৰতীয় ভোটাৰৰ বাবে প্ৰস্তুত কৰি উলিয়াছে অৱ কী বাৰ ট্ৰাম্প চৰকাৰ শীৰ্ষক শ্ল'গান। ইয়াৰ বিপৰীতে ডেম'ক্রেটিক দলে জ' বিডেনৰ হৈ 'আমেৰিকা কা নেতা কেইছা হো,জ' বিডেন জেইছা হো 'শীৰ্ষক শ্ল'গান প্ৰস্তুত কৰিছে।

    দুয়োটা দলে ১৪ ভাৰতীয় ভাষাৰ ভিতৰত হিন্দী,পঞ্জাৱী,তেলেগু,তামিল,বঙালী, মালায়ালী,উৰ্দু কানাড়া,মাৰাঠী,উৰিয়া আৰু নেপালী ভাষাৰ বিভিন্ন গীত আৰু শ্লোগান বনাই ভাৰতীয় আমেৰিকান ভোটাৰৰ কাষ চপাৰ কৌশল ৰচিছে। এনে ক্ষেত্ৰত দুয়োটা দলৰ এই ৰণকৌশল নিৰ্বাচনত কেনে প্ৰভাৱ পৰে সেইয়া হ'ব লক্ষণীয়।

Category
Profile picture for user UB Photos