২০২৪-২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ ঘোষণা

sangeet

সংগীত, নৃত্য, থিয়েটাৰ, পুতলা নাচকে ধৰি বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৪ আৰু ২০২৫ বৰ্ষৰ ‘সংগীত নাটক একাডেমী বঁটা’ ঘোষণা কৰা হৈছে। সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদে এই দুটা বৰ্ষৰ বাবে মুঠ ১০৮ গৰাকী শিল্পীক এই সন্মানীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে ২০২৪ আৰু ২০২৫ বৰ্ষৰ ‘সংগীত নাটক একাডেমী ওস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ’ৰ বাবেও ১০৬ গৰাকী যুৱ শিল্পীক নিৰ্বাচিত কৰা হৈছে। এইবাৰ অসমৰ কেইবাগৰাকী বিশিষ্ট শিল্পীয়েও সংগীত নাটক একাডেমী বঁটা আৰু ওস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ২০২৪ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ তথা সত্ৰীয়া নৃত্যশিল্পী প্ৰেম ওজা বৰবায়নে। আনহাতে, কথক নৃত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বিপুল চন্দ্ৰ দাসক এই সন্মান প্ৰদান কৰা হৈছে। ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে। সত্ৰীয়া নৃত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে মল্লিকা কন্দলী আৰু ভাস্কৰজ্যোতি ওজাকো এই বঁটাৰে সন্মানিত কৰা হৈছে। ইফালে, ২০২৪ বৰ্ষৰ ওস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰিছে সত্ৰীয়া নৃত্যশিল্পী মীনাক্ষী মেধিয়ে। লোকসংগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দিলীপ হীৰাকো একে পুৰস্কাৰে সন্মানিত কৰা হৈছে। নাট নিৰ্দেশনাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে বিদ্যুৎ কুমাৰ নাথকো এই পুৰস্কাৰ প্ৰদান কৰা হৈছে। ২০২৫ বৰ্ষৰ ওস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰিছে খোল বাদনৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা দেৱজিৎ শইকীয়াই। সত্ৰীয়া সংস্কৃতিৰ বিকাশত অৱদানৰ বাবে নিৰঞ্জন শইকীয়া বৰবায়ন আৰু লোকসংগীতৰ ক্ষেত্ৰত অৱদানৰ বাবে হীৰক জ্যোতি শৰ্মাকো এই সন্মানীয় পুৰস্কাৰ প্ৰদান কৰা হৈছে।

Category