প্ৰসংগঃ ৰন্ধন গেছৰ নাটনি! দেশৰ LPG গ্ৰাহকৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন চৰকাৰৰ

LPG

প্ৰসংগঃ ৰন্ধন গেছৰ নাটনি! দেশৰ LPG গ্ৰাহকৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন চৰকাৰৰ

LPG

চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিঙৰ সময়সীমাৰ পুনৰ পৰিৱৰ্তন কৰিছে। পূৰ্বে প্ৰতি ২৫ দিনৰ মূৰে মূৰে এবাৰ চিলিণ্ডাৰ বুক কৰাৰ সুবিধা লাভ কৰিছিল, কিন্তু সেই নিয়মৰ পৰিৱৰ্তে এই সময়সীমা ৪৫ দিনলৈ বৃদ্ধি কৰিছে। ইয়াৰ অৰ্থ হ'ল, এতিয়াৰ পৰা গ্ৰামাঞ্চলৰ লোকে প্ৰথমটো চিলিণ্ডাৰ বুক কৰাৰ ৪৫ দিনৰ পিছতহে দ্বিতীয়টো চিলিণ্ডাৰ বুক কৰিব পাৰিব।

LPG2

চহৰৰ গ্ৰাহকৰ বাবেও সলনি কৰা হৈছে ঘৰুৱা LPG চিলিণ্ডাৰ বুকিঙৰ সময়সীমা। পূৰ্বতে দুটা চিলিণ্ডাৰ বুকিং কৰাৰ মাজৰ সময়সীমা আছিল ২১ দিন, এতিয়া ২৫ দিনলৈ বৃদ্ধি কৰা হৈছে। বুকিঙৰ সময়সীমা গ্ৰামাঞ্চলত LPG বুকিঙৰ ব্যৱধান ৪৫ দিন, চহৰ অঞ্চলত ২৫ দিন, আৰু গ্ৰাম্য পৰিয়ালৰ বাবে গেছ চিলিণ্ডাৰ বুকিং কৰাৰ ন্যূনতম ব্যৱধান বৰ্তমানৰ ২৫ দিনৰ পৰা ৪৫ দিনলৈ বৃদ্ধি কৰা হৈছে। আনহাতে, চহৰ অঞ্চলত বুকিং সীমা বৰ্তমানৰ ২১ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি কৰা হৈছে। এই কথা ঘোষণা কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে।

LPG3

কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দেশবাসীক আশ্বাস দিছে যে পেট্ৰ'ল, ডিজেল আৰু কেৰাচিনৰ পৰ্যাপ্ত মজুত আছে আৰু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁ লোকসভাত কয় যে দেশৰ শোধনাগাৰসমূহক উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, যাৰ ফলত LPG উৎপাদন প্ৰায় ২৮% বৃদ্ধি পাইছে। চৰকাৰৰ মতে, ঘৰুৱা উৎপাদন বৃদ্ধি আৰু বুকিং নৰ্মৰ পৰিৱৰ্তনৰ বাবে বজাৰত অতি সোনকালে স্থিতিশীলতা ঘূৰি আহিব।

LPG4
উল্লেখ্য যে,  নতুন নিৰ্দেশনা অনুসৰি বৰ্তমান পিএনজি আৰু এলপিজি দুয়োটা সংযোগ থকা গ্ৰাহকে তৎক্ষণাত এলপিজি সংযোগ প্ৰত্যাহাৰ কৰিব লাগিব।

lpg6

Category