এইবাৰ আমি স্পষ্ট হ'ম- কোন দল আমাৰ সকলোতকৈ ডাঙৰ দুচমন কংগ্ৰেছ নে বিজেপি ? : মৌলানা বদৰউদ্দিন আজমল

Badruddin Ajmal

বৃহস্পতিবাৰে ধুবুৰীত উপস্থিত প্ৰাক্তন সাংসদ তথা এআইইউডিএফ দলৰ মূৰব্বী মৌলানা বদৰউদ্দিন আজমল। ধুবুৰীত উপস্থিত হৈ ধুবুৰী পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা AIUDF ৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰে বদৰউদ্দিন আজমলে।।
 
ধুবুৰীত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মৌলানা বদৰউদ্দিন আজমলে কয়, "যদি বিজেপিৰ বি টিম বুলি কংগ্ৰেছে AIUDF আঙুলি টোঁ‌ৱাই আছে তেন্তে কংগ্ৰেছ দল বিজেপিৰ এ প্লাছ টীম বুলি মই ঘোষণা কৰি আছোঁ"।আজমলে লগতে কয়, কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতা গৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয়।"

ইফালে, অখিল গগৈক টাৰ্গেট কৰি আজমলে কয়, AIUDF যদি O হয়, তেন্তে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ কি বুলি প্ৰশ্ন কৰে। এইবাৰ আমি স্পষ্ট  হ'ম- কোন দল আমাৰ সকলোতকৈ ডাঙৰ দুচমন কংগ্ৰেছ নে বিজেপি ? আজমলে কয়, What is this মিঞা। মিঞা কিবা ইছ্যু নেকি। তেওঁ এইবাৰ নিৰ্বাচন অংশ গ্ৰহণ নকৰে বুলি উল্লেখ কৰে যদিও দলে বিচাৰিলে তেওঁৰ সিদ্ধান্ত সলনি কৰিবও পাৰে বুলি কয়।

Category