আজিৰে পৰা আৰম্ভ অসম আৰক্ষীৰ নিযুক্তিৰ আবেদন প্রক্রিয়া;প্ৰকাশ পালে অসম আৰক্ষীৰ ২৩৫০টা খালী পদৰ বিজ্ঞাপন

assam police recruitment

অসমৰ যুৱক-যুৱতীৰ বাবে ভাল খবৰ। আজিৰে পৰা আৰম্ভ অসম আৰক্ষীৰ নিযুক্তিৰ আবেদন প্রক্রিয়া।

অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে মুঠ ২৩৫০টা পদৰ বিজ্ঞাপন প্ৰকাশ 

ইতিমধ্যে SLPRB প’র্টেলত উপলব্ধ হৈছে। উক্ত প’ৰ্টেললৈ গৈ প্ৰাৰ্থীসকলে তেওঁলোকৰ পছন্দৰ পদৰ বাবে আবেদন কৰিব পাৰিব। 

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (UB)ৰ ৪৮টা পদ, উপ-পৰিদৰ্শক (APRO)ৰ ৪টা পদ, ষ্টেচন অফিচাৰৰ ৬টা পদ আৰু F&ESৰ স্কোৱাড কমাণ্ডাৰৰ ৫টা পদ আৰু সহকাৰী জেইলাৰৰ ৩৯টা পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। লগতে উপ-পৰিদৰ্শক (AB)ৰ ৪৭টা পদ আৰু কমাণ্ডো বেটেলিয়নৰ কনিষ্টবল (AB)ৰ ৩টা পদৰ বাবেও বিচৰা হৈছে আবেদন পত্ৰ।কনিষ্টবল (UB)ৰ ১০৫২টা পদ আৰু কনিষ্টবল (AB) ৰ ৬৬৩টা পদৰ বাবেও আবেদন কৰিব পাৰিব যোগ্য প্ৰাৰ্থীসকলে।

ইয়াৰ উপৰি অসম আৰক্ষীৰ ড্ৰাইভাৰ পদৰ বাবে ১২৭টা পদ, কনিষ্টবল (Dispatch Rider)ৰ ১৪টা পদ, কনিষ্টবল (Messenger)ৰ ২০টা পদ, APROৰ কনিষ্টবল (Handymen)ৰ ৩টা পদ, ড্ৰাইভাৰৰ পদৰ বাবে ৯০টা, অগ্নিনিৰ্বাপক বাহিনীৰ ড্ৰাইভাৰ অপাৰেটৰ ৪টা পদ, চালকৰ বাবে ৭টা পদ, বন বিভাগৰ চালক পদৰ বাবে ১০৫টা পদৰ বাবেও কৰিব পাৰিব আবেদন।।

লগতে আবেদন পত্ৰ বিচৰা হৈছে চাফাই কৰ্মীৰ অসম আৰক্ষীত ৯৬টা পদ, অসম কমাণ্ডো বেটেলিয়নত চাফাই কৰ্মচাৰীৰ ৩টা পদ, অগ্নিনিৰ্বাপক বাহিনীৰ চাফাই কৰ্মচাৰীৰ ৫টা পদ আৰু DGCD & CGHGৰ চাফাই কৰ্মচাৰীৰ বাবে ৮টা পদৰ বাবেও।

Category